28 April || ২৮ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

২৮ এপ্ৰিল, ইতিহাসত আজিৰ দিনটো

আজি World day of Safety and Health at work

১২৫৩ চনৰ আজিৰ দিনটোতে জাপানী বৌদ্ধ ভিক্ষু Nichiren এ বৌদ্ধ ধৰ্মৰ Nichiren পন্থাৰ আৰম্ভণি কৰে।

১৫০৩ চনৰ আজিৰ দিনটোতে Caringnola বা বৰ্তমানৰ ইটালীত হোৱা এক ক্ষুদ্ৰ যুদ্ধত Gun powder (খাৰ বাৰুদ) ৰ প্ৰথম ব্যৱহাৰ কৰা হয়।

১৯১৬ চনৰ আজিৰ দিনটোতে ইটালীৰ ব্যৱসায়ী আৰু Lamborghini গাড়ীৰ স্ৰষ্টা Ferruccio Lamborghini ৰ জন্ম হৈছিল।

১৯২৯ চনৰ আজিৰ দিনটোতে অস্কাৰ বিজয়ী ভাৰতীয় ভানু আথাইয়াৰ জন্ম হৈছিল।

১৯৩০ চনৰ আজিৰ দিনটোতে আমেৰিকাত বিশ্বৰ প্ৰথমখন বাস্কেটবল খেল নিশা বিজুলীৰ পোহৰত অনুষ্ঠিত হৈছিল।

১৯৩২ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ বাবে মানৱ দেহত হালধীয়া জ্বৰৰ ভেকচিনৰ পৰীক্ষণ কৰা হৈছিল।

১৯৩৫ চনৰ আজিৰ দিনটোতে underground metro rail সেৱাৰ শুভাৰম্ভণি কৰা হৈছিল।

১৯৩৭ চনৰ আজিৰ দিনটোতে ইৰাকৰ বিতৰ্কিত শাষক ছাদ্দাম হুছেইনৰ জন্ম হৈছিল।

২০০১ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম জন পৰ্যটক (Tourist) মহাকাশ চাৰী হিচাপে "ডেনিছ টিটো" ৰাছিয়ান দুজন মহাকাশ চাৰীৰ লগত মাহাকাশলৈ যাত্রা কৰে।

২০১০ চনৰ আজিৰ দিনটোতে চীনে এইডছ, কুষ্ঠ আদি আৰু আন বহুতো সংক্ৰমিত ৰোগৰ ৰোগীক নিজ দেশত প্ৰবেশত থকা ২০ বছৰীয়া বাধা উঠাই লয়। 

ৰূপম দাস✍️ ৰূপম দাস 
whatsapp : 9613054687

Post a Comment

0 Comments