Tita kerelar mitha achar || তিতা কেৰেলাৰ মিঠা আচাৰ

এদিন এটা নিগনিয়ে এজন খেতিয়কৰ ঘৰত এটা গাঁত খান্দি আছিল।তেনেতে নিগনিটোৱে দেখিলে যে খেতিয়কজনে মোনা এখনৰ পৰা কিবা উলিয়াই ঘৈনীয়েকক দেখুৱাই আছে।
নিগনিটোৱে কিবা খোৱা বস্তু বুলি ভাৱি ভালদৰে মন দি চাওঁতে দেখিলে যে সেইখন এখন নিগনি মৰা ফান্দ।সন্মুখত বিপদ দেখি নিগনিটোৱে ভয়তে কঁপি উঠিল ।সি দৌৰি গৈ কথাটো ঘৰৰেই পাৰজনীক ক'লে যে,আমাৰ ঘৰত নিগনি মৰা ফান্দ আহি গ'ল।
পাৰজনীয়ে নিগনিটোক ইতিকিং কৰি হাঁহি হাঁহি ক'লে যে,"ঘৰলৈ নিগনিৰ ফান্দ আহিল মোৰ নো কি? মইনো তাত কিয় বন্দী হ'বলৈ যাম?
নিৰাশ হৈ নিগনিটোৱে কথাতো ঘৰৰেই মূৰ্গীটোক ক'লে।মূৰ্গীটোৱেও হাঁহি হাঁহি ক'লে ,এইটো মোৰ সমস্যা নহয় নিগনি ভাইটি !
হতাশ হৈ নিগনিটোৱে তাৰ পৰা দৌৰি গৈ কথাটো ঘৰৰ ছাগলিজনীক ক'লে আৰু ছাগলীজনীয়েও ফূৰ্তিতে মাটিত বাগৰি বাগৰি হাঁহিবলৈ ধৰিলে।
সেইদিনাখন ৰাতিয়েই নিগনিৰ ফান্দখনে খটককৈ শব্দ এটা কৰিলে।এটা বিষাক্ত সাপ ফান্দ খনত লাগি ধৰিছিল । আন্ধাৰত সাপৰ নেজডালক নিগনিৰ নেজ বুলি ভাৱি খেতিয়কৰ ঘৈনীয়েকে সাপডাল ফান্দৰ পৰা উলিয়াই আনিলে আৰু সাপডালে খেতিয়কৰ ঘৈনীয়েকক দংশন কৰিলে।
সাপৰ দংশনৰ কথা গম পাই খেতিয়কে এগৰাকী ওজা মাতি আনিলে। ওজাই ঔষধ দি পাৰচৰাই জোলৰ লগত খাবলৈ কলে।
পাৰচৰাইজনী লগে লগে কেৰাহীত উতলিবলৈ ধৰিলে।
খেতিয়কৰ ঘৈনীয়েকক সাপে দংশন কৰা খবৰটো শুনি খেতিয়কৰ আত্মীয় কুটুমবোৰে খবৰ ল'বলৈ আহিল।
তেওঁলোকৰ ভোজনৰ কাৰনে মুৰ্গীটোকে মাৰিব লগা হ'ল।
কিছুদিনৰ পিচত খেতিয়কজনৰ পত্নীৰ মৃত্যু ঘটিল।অন্তিম সংস্কাৰৰ পিচত ভোজৰ কাৰনে ছাগলীটোৰ মাংস বনোৱাৰ বাহিৰে আন একো উপায় নাছিল।
নিগনিতো ইতিমধ্যে দুৰলৈ …… বহুত দুৰলৈ গুছি গৈছিল।
কেতিয়াবা কোনোবাই যদি আপোনাক নিজৰ সমস্যা বা বিপদৰ কথা কয় আৰু যদি আপোনাৰ এনেকুৱা ভাৱ হয় যে এইটো আপোনাৰ সমস্যা নহয়, তেতিয়া আকৌ দ্বিতীয়বাৰলৈ চিন্তা কৰক।এইটো আমাৰ সকলোৰে সমস্যা বা বিপদ হ'ব পাৰে।
সমাজৰ এটা অংশ, এটা গোষ্ঠী, এজন নাগৰিকৰ জীৱন যদি বিপদাপন্ন হয় তেতিয়া আচলতে সমগ্ৰ দেশখনেই বিপদাপন্ন হয়।
জাতি ধৰ্মৰ ঠেক গণ্ডীৰ পৰা ওলাই আহক আৰু সমাজখনক সাম্প্ৰদায়িকতাৰ নিচিনা নিগনি মৰা ফান্দ খনৰ পৰা মুক্ত কৰক।
মনত ৰাখিব কেতিয়াবা আপুনিও এই ফান্দ খনৰ চিকাৰ হ'ব পাৰে।

Post a Comment

0 Comments