অসমীয়া কৌতুক : এজন ৰজাই চাণক্যক সুধিলে " বিবাহ কি ?"

এজন ৰজাই চাণক্যক সুধিলে " বিবাহ কি ?"

চাণক্য = বিবাহ হ'ল হ'ল এখন সুন্দৰ জংঘল

যত বাঘৰ চিকাৰ এজনি হৰিণাই কৰে।

বিবাহ হ'ল " হেৰি শুনিছেনে…… ৰ পৰা আৰম্ভ

হৈ …কাণেৰে নুশুনা নেকি ?…লৈকে হোৱা এটা

পৰিবৰ্ত্তন।

বিবাহ মানে …তোমাৰ দৰে কোনো নাই ……ৰ

পৰা আৰম্ভ হৈ … তোমাৰ নিচিনা বহুত

দেখিলো…… লৈকে হোৱা এটা পৰিবৰ্ত্তন।

বিবাহ মানে … ক'লৈ গৈছিলা জান ……ৰ পৰা

আৰম্ভ হৈ …… ক'ত মৰিবলৈ গৈছিল ………

লৈকে হোৱা এটা পৰিবৰ্ত্তন।

বিবাহ মানে …… ভাগ্য বলত হে তোমাক পাইছো

……ৰ পৰা আৰম্ভ হৈ ……মোৰ ফুটা কপাল যে

তোমাক পালো ………লৈকে হোৱা এটা পৰিবৰ্ত্তন

বিবাহিত জীৱন কাশ্মীৰৰ দৰে,দেখিবলৈ বিৰাট

ধুনিয়া, কিন্তু চাৰিওফালে আতংক ,সমস্যাৰে

ভৰা।

Post a Comment

0 Comments