পাইলচ্ বা অৰ্শ বেমাৰৰ বাবে পথ্যাপথ্য আৰু যোগাসন

পাইলচ্ বা অৰ্শ বেমাৰৰ বাবে পথ্যাপথ্য আৰু যোগাসন


পাইলচ্ বা অৰ্শ বেমাৰ মূখ্যত যিসকল লোকৰ বহু দিনীয়া কোষ্ঠকাঠিন্যতা ৰোগ থাকে তেনে লোকৰ বিশেষকৈ হোৱা দেখা যায়। অৱশ্যে পুৰণি বা জীৰ্ণ ডিচেন্টেৰী যুক্ত লোকো এই সমস্যাৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়।

তলত এই সমস্যাৰ দ্বাৰা আক্ৰান্ত লোকসকলৰ বাবে কিছু পথ্যাপথ্য আৰু যোগাসনৰ উল্লেখ কৰা হ'ল। অৱশ্যে ৰোগী অনুযায়ী খাদ্য তালিকা ভিন ভিন হব পাৰে। - - - -


পথ্য অৰ্থাৎ কি কি খাব পাৰে - -


সাধাৰণতে পাইলচৰ ৰোগীয়ে আঁহজাতীয় খাদ্য বেছিকৈ খাব লাগে। দিনটোত অতি কমেও ২৫ - ৩০ গ্ৰাম বা ততোধিক আঁহজাতীয় খাদ্য খাব লাগে। আঁহজাতীয় খাদ্যৰ ভিতৰত সেউজীয়া শাক পাচলি, ফল মূলেই প্ৰধান। ইয়াৰ উপৰিও দাইল, বাৰ্লি, চিৰা, অ'টচ্, ব্ৰাউন ৰাইচ, বুট, মগু, ৰাজমাহ, তিচি গুটী ইত্যাদিও সেৱন কৰিব পাৰে।

সেউজীয়া শাক পাচলিৰ ভিতৰত মটৰ মাহ,বীন, লেচেৰা, ব্ৰুকলি, বন্ধাকবি, মূলা, অমিতা, পালেং শাক, তিতা কেৰেলাৰ ৰস, তিয়ঁহ, বিলাহী, স্কোৱাচ, লাই শাক, মিঠা আলু, ভেণ্ডি, বীট ইত্যাদি পথ্য ।

ফলমূলৰ ভিতৰত সকলো ধৰণৰ বেৰী যেনে- ৰেস্পবেৰী, জাম, ইত্যাদি, অঞ্জিৰ, আপেল, নাচপতি,পকা কল (দৈনিক অতি কমেও এটা), কমলা, কৰ্দৈ, আঙুৰ, তৰমূজ, বেল ইত্যাদি খাব পাৰে। ইয়াৰ উপৰিও এলোভেৰাৰ ৰস, লাচ্চি বা দৈৰ ঘোল (butter milk) ইত্যাদি সেৱন কৰিব পাৰে।

দৈনিক যথেষ্ট পৰিমাণে পানী সেৱন কৰা উচিত। পানী সেৱনৰ লগতে নিয়মিত ব্যায়াম বা যোগাসন কৰাতোও জৰুৰী।


অপথ্য বা নিষেধ - -


মাংস, বেকাৰীৰ প্ৰডাক্ট যেনে- কেক, পেষ্ট্ৰী, ময়দাৰ দ্বাৰা বনোৱা খাদ্য ইত্যাদি, অত্যধিক মছলাযুক্ত খাদ্য, কেফেিনযুক্ত পানীয় যেনে- চাহ, কফি ইত্যাদি, এলকহল,ধূম্ৰপান, চৰ্বীযুক্ত খাদ্য, সংশোধিত খাদ্য যেনে- পিজ্জা, বাৰ্জাৰ, চাওমিন, ফাষ্টফুড ইত্যাদি, শীতল পানীয়, ৰাত্ৰিজাগৰণ, দিবাশয়ন, মল মূত্ৰ আদিৰ বেগ অধিক সময়লৈ ধাৰণ, পায়খানা কৰাৰ সময়ত অধিক বল প্ৰয়োগ তথা পায়খানা কৰোতে অধিক সময় লগা (স্বাভাৱিকতে ২ - ৩ মিনিট সময়ৰ ভিতৰত পায়খানা কাৰ্য্য সমাপন হোৱা উচিত), একেৰাহে একে অৱস্থানতে বহু সময় ধৰি বহি থকা আৰু বহা ঠাইখিনি অত্যন্ত কঠিন হোৱা, অত্যধিক মানসিক চাপ বা অস্থিৰতা ইত্যাদি পৰিহাৰ কৰা উচিত।

পাইলচৰ ৰোগীয়ে জুলাপ বা ৰেচক বা পায়খানা খোলোচা কৰিবলৈ (laxative) ব্যৱহাৰ কৰা ঔষধ অলপ ভাবি চিন্তি সেৱন কৰা উচিত। বাতৰিকাকতত বিজ্ঞাপন দেখি বা ফাৰ্মাচীৰ পৰা যধেমধে এনেকুৱা ঔষধ সেৱন কৰা অনুচিত। কাৰণ এনেকুৱা ঔষধ অধিক সময়ৰ বাবে ব্যৱহাৰ কৰিলে আমাৰ পাচন তন্ত্ৰৰ অন্ত্ৰৰ (intestine) স্বভাৱিক কাৰ্য্যত ব্যাঘাত সৃষ্টি হব পাৰে আৰু পিছলৈ ঔষধ সেৱনৰ অবিহনে পায়খানা নহোৱাৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হব পাৰে আৰু ইয়াৰ ফলত পাইলচৰ সমস্যা অধিক জটিল হব পাৰে। সেয়েহে যিবিলাক ঔষধে অন্ত্ৰৰ মাংসপেশীক উত্তেজিত কৰি পায়খানাৰ বেগ উৎপন্ন কৰে তেনে ঔষধ পৰিহাৰ কৰি যিবিলাক ঔষধে অন্ত্ৰত পানী অৱশোষন কৰি পায়খানা খোলোচা কৰাত সহায় কৰে তেনে ঔষধ ব্যৱহাৰ কৰা উচিত।


যোগাসন - 


এজন যোগ পৰামৰ্শদাতাৰ তত্বাৱধানত শৰীৰৰ সামৰ্থ্য অনুযায়ী তলত উল্লেখ কৰা যোগাসন সমূহ নিয়মিত অভ্যাস কৰিলে পাইলচৰ ৰোগীয়ে নিশ্চয় সুফল লাভ কৰিব। যেনে- সৰ্বাংগাসন, বিপৰীত কৰণী, পৱনমুক্তাসন, তাৰাসন, কটিচক্ৰাসন, বজ্ৰাসন, সুপ্ত বজ্ৰাসন, উষ্ট্ৰাসন, মৎস্যাসন, পশ্চিমোত্তানাসন, অশ্বিনিমুদ্ৰা, মলাসন ইত্যাদি ।



ওপৰত উল্লেখ কৰা পথ্যাপথ্য সমূহ সামুহিক হিচাপে দিয়া হৈছে যদিও ৰোগী অনুযায়ী খাদ্য তালিকা ভিন ভিন হব পাৰে। সেয়েহে যিকোনো খাদ্য খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা নিত্যান্তই আৱশ্যক।


✍️ ডা মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
যোগাযোগৰ ঠিকনা - মেচাৰ্চ নৱজীৱন ফাৰ্মাচী, কৰ্ণেল জে আলি ৰোড, লাখটকীয়া, গুৱাহাটী ।
পাটনা বিজয়ী আয়ুৰ্বেদিক ফাৰ্মাচী, এ ও চি ৰোড, বঙাইগাঁও ।
#৯৫০৮০২৬৮২৫ (হোৱাটচ্এপ)

Post a Comment

0 Comments